বৃটেইনৰ এক্সেটাৰ চহৰত ভয়ংকৰ বোমা বিস্ফোৰণ

59

দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহ সময়ছোৱাত যেন পুণৰ ঘূৰি আহিল ৷ ৮১ বছৰ পিছতো সক্ৰিয় হৈ আছে দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলা ৷ এক ভয়াৱহ বোমা বিস্ফোৰণে দেওবাৰে কপাই তুলিলে বৃটেইনৰ এক্সেটাৰ চহৰ ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মাটিত পোত খাই থকা এটা প্ৰকান্দ বোমা বিস্ফোৰিত হৈ এক্সেটাৰ  অন্চলৰ কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰে ৷

 মাটিৰ তলত পোত খাই থকা ৯০০ কিলোগ্ৰামৰ  দুটাকৈ বোমা শনিবাৰে উদ্ধাৰ কৰিছিল বোমা বিশেষজ্ঞ দলে ৷পিছত বোমাটো নিস্ক্ৰিয় কৰিবলৈ চেষ্টা কৰে প্ৰশাসনে ৷ উল্লেখ্য যে,বোমা বিস্ফোৰণৰ আশংকা প্ৰকাশ কৰি প্ৰশাসনে এক্সেটাৰে চহৰ সম্পূৰ্ণৰূপে খালি কৰে ৷ চহৰখনৰ প্ৰায় ২৬০০ টা বাসগৃহৰ আবাসীয়ে নিজৰ বাসগৃহটো এৰি সুৰক্ষিত স্হানত বাহৰ পতিছিল ৷

একেদৰে ১২ খনকৈ বিশ্ববিদ্যালয়ৰ পাঠদানো বন্ধ কৰি দিয় হয় ৷ শেহতীয়াকৈ দ্বিতীয় বিশ্বযুদ্ধৰ আৰু বোমা থাকিব পৰাৰ সন্দেহ প্ৰকাশ কৰি প্ৰশাসনে বোমাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷