বুমেৰাং বিৰোধী ঐক্য: প্ৰাৰ্থী ঘোষণাৰ আনুষ্ঠানিকতা অচিৰেই সম্পন্ন

80

ৰিদিপ বৰঠাকুৰ, যোৰহাট: অসমৰ বহুকেইটা সমষ্টিৰ লগতে মৰিয়নি সমষ্টিতো উপনিৰ্বাচন সমাগত।কংগ্ৰেছ বিজেপিয়ে মৰিয়নী সমষ্টিত নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজ আৰম্ভ কৰাৰ পাছত ৰাইজৰ দলেও নিজৰ তৎপৰতা আৰম্ভ কৰিছে। আজি মৰিয়নীত ৰাইজৰ দলৰ কেইবাখনো দলীয় সভা অনুষ্ঠিত হয়। এই দলীয় সভাকেইখনত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

চেলেংহাটৰ হেমলাইত অনুষ্ঠিত এখন দলীয় সভাৰ পাছত অখিল গগৈয় সাংবাদিকৰ সৈতে মত বিনিময়ত কংগ্ৰেছৰ সৈতে প্ৰাৰ্থীত্ব কেন্দ্ৰিক বুজা বুজি নহয় বুলি কৈ এসপ্তাহৰ ভিতৰত ৰাইজৰ দলৰ মৰিয়নিৰ প্ৰাৰ্থী গৰাকীৰ নাম ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।

অন্যহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গঁড়ৰ খড়্গ জ্বলোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিছে। লগতে মাটিৰ দালালক আৰক্ষীয়ে আটক কৰাতো নাটক আখ্যা দিয়াৰ ওপৰিও ডাঙৰ মাটিৰ দালাল তথা নবিজেপি ফণী তালুকদাৰক আটক কৰি দেখুৱাবলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়।

দলীয় সভাত ভাষণ দি অখিল গগৈয়ে কয় যে, বিধানসভাত দলৰ একমাত্ৰ বিধায়ক হোৱাৰ বাবে তেওঁক মাত্ৰ ১ মিনিট ১৭ ছেকেণ্ড সময় দিয়া হয়, য’ত অধ্যক্ষক সম্বোধন কৰোতেই ৩০ চেকেণ্ড সময় যায়। ফলত কথা কোৱাৰ সুযোগ নাপায়। উপ নিৰ্বাচনত থাওৰা আৰু মৰিয়ণি সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয়ী হলে বিধান সভাত দলীয় বিধায়কৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাব আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জোকাৰি পেলাব পৰা হব বুলি অখিল গগৈয়ে মন্তব্য কৰে।