বীৰ বিলিং উপত্যকাত পেৰাগ্লাইডিঙৰ অনুশীলনৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ সেনা পাইলটৰ মৃত্যু

224

হিমাচল প্ৰদেশৰ বীৰ বিলিং উপত্যকাত অনুশীলনৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ হ’ল মিজোৰামৰ এগৰাকী সেনা পাইলট।

প্লেৰাগ্লাইডিঙৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মিজোৰামৰ নিৱাসী ২৮ বৰ্ষীয় সেনা পাইলট জোৰিন মাবিয়া চাউগাটুৱে।

বাতৰি অনুসৰি, দুৰ্ঘটনাৰ সময়ত পেৰাগ্লাইডাৰ পাইলটগৰাকীয়ে মূৰত গুৰুতৰভাৱে আঘাত পায়।

তাৰ পিছত তেওঁক প্ৰথমে তিব্বতৰ চৌগানৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় আৰু তাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে পালমপুৰৰ মিলিটাৰী হাস্পতাললৈ লৈ যোৱা হয়।

কিন্তু হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে সেনা জোৱানজনৰ।

সূত্ৰ অনুসৰি, জোৰিন মাবিয়া চাউগাটুৰ গ্লাইডাৰখন অৱতৰণস্থলীৰ ওচৰৰ পথাৰত পৰিছিল।

এই দুৰ্ঘটনাৰ পিছতে আই পি চিৰ ১৭৪ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে বৈজনাথ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।

আনহাতে, মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা পালমপুৰ অসামৰিক চিকিৎসালয়ত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।