বিহু চাই প্ৰেমিকৰ সৈতে ঘৰলৈ উভতি অহাৰ পথতে এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰি পথৰ দাঁতিত উলংগ অৱস্থাত পেলাই থৈ যায় পাষণ্ডই। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ বকলীয়াত। ইফালে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ঘটনাৰ তদন্ত ২৯ এপ্ৰিলতহে কৰিব বুলি কৈ আৰক্ষী বিষয়াই ৰাইজক উভতাই পঠিওৱাৰো অভিযোগ উত্থাপন হৈছে।
বাতৰি অনুসৰি, ২৪ এপ্ৰিল দেওবাৰে বকলীয়াৰ ইংলেং গাঁৱৰ পৰা বিহু চাবলৈ যোৱা যুৱতীগৰাকীক প্ৰেমিক সুৰেশ নাথে নিশা মটৰচাইকলেৰে ঘৰলৈ থৈ অহাৰ বাবে লৈ আনে। কিন্তু তাৰ পিছতে ৪-৫জন যুৱকে যুৱতীগৰাকীক মাৰ-পিট কৰি উলংগ অৱস্থাত দুয়োভৰি বান্ধি ইংলেং গাঁৱৰ পথৰ দাঁতিত পেলাই থৈ যায়।
ইয়াৰ পিছতে এগৰাকী শিক্ষকে যুৱতীগৰাকীক পথৰ দাঁতিত উলংগ আৰু অচেতন অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সহযোগত লগে লগে চিকিৎসালয়লৈ লৈ যায়। কিন্তু অধিক ৰক্তক্ষৰণৰ বাবে যুৱতীগৰাকীক পৰৱৰ্তী সময়ত নগাঁৱৰ বাইপাছৰ এখন ব্যক্তিগত নাৰ্ছিংহোমৰ আইচিইউত ভৰ্তি কৰায়।
বৰ্তমানেও সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি হৈ আছে যুৱতীগৰাকী। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰিবলৈ যায় যদিও কাছমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে প্ৰধানমন্ত্ৰীৰঅনুষ্ঠানৰ বাবে অহা ২৯ এপ্ৰিলতহে গোচৰৰ তদন্ত কৰিব পাৰিব বুলি কৈ ৰাইজক ওভতাই পঠিয়াই বুলি অভিযোগ কৰে ৰাইজে।
ৰাইজৰ অভিযোগ সুৰেশ নাথ নামৰ যুৱকজনৰ নেতৃত্বত যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছে। ইপিনে এই ঘটনাক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাত লিপ্ত হৈছে এটা প্ৰভাৱশালী চক্ৰ। জঘন্য ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিয়া চক্ৰটোৰ বিৰুদ্ধে বকলীয়াৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
প্ৰতিবাদৰ মাজতে বহু মহিলাই সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতে যুৱতীগৰাকীৰ অৱস্থাৰ কথা বৰ্ণনা কৰি উচুপি উঠে। উল্লেখযোগ্য যে প্ৰেমিক সুৰেশ নাথৰ পৰিয়ালটো আৰ্থিকভাৱে সবল হোৱাৰ বাবেই সমগ্ৰ ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ তোলে ৰাইজে। স্থানীয় ৰাইজে ঘটনা সংক্ৰান্তত কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কঠোৰ পদক্ষেপ লোৱাৰ বাবেও আহ্বান জনায়।
