বিহু উদযাপনক লৈ চৰকাৰে জাৰি কৰা বিশেষ নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ বিহু কমিটিসমূহৰ

165

অসমীয়াৰ বুকুৰ আপোন বিহু সমাগত। কিন্তু মহামাৰী কোৰোনাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বিহু উদযাপনত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। যাৰ পিছতে দেওবাৰে সদৌ অসম বিহু সমন্বয়ৰক্ষী সমিতি আৰু সদৌ গুৱাহাটী বিহু সমন্বয় ৰক্ষী সমিতিৰ নেতৃত্বত বিহু কমিটিসমূহে প্ৰতিবাদ সাব্যস্ত কৰে।

বিহু কমিটিসমূহে চৰকাৰে দিয়া নিৰ্দেশনা বাতিল কৰাৰ দাবী জনায়। এইবাৰ বিহু উদযাপনত চৰকাৰে বাধা প্ৰদান কৰিব নোৱাৰে বুলিও হুংকাৰ দিয়ে কমিটিসমূহে।