বিহুৰ বতৰত প্ৰতিদিনে ১ লাখ লিটাৰ গাখীৰ বিক্ৰী কৰি অভিলেখ পুৰৱী ডেইৰীৰ

116

মাঘ বিহু মানে ভোগৰ বতৰ। বিহুৰ সময়ত চিৰা, সান্দহ, পিঠা-পনাৰে উভৈনদী হৈ থাকে প্ৰতিঘৰ অসমীয়া। দৈ, গাখীৰ, পনীৰৰ চাহিদা বছৰৰ অন্য সময়ৰ তুলনাত মাঘবিহুৰ বতৰতে অধিক হয়। এই বছৰো তাৰ ব্যতিক্ৰম নহয়।

মহানগৰীৰ প্ৰায় ৪০ শতাংশতকৈও অধিক বজাৰ দখল কৰি থকা অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পুৰবী ডেইৰীয়ে মাঘ বিহুৰ চাৰিদিনত গড়ে ১ লাখ লিটাৰৰ অধিক গাখীৰ আৰু গাখীৰ সমতুল্য সামগ্ৰী বিক্ৰী কৰি এইবাৰ অভিলেখ গঢ়িছে।

পশ্চিম অসম গাখীৰ উৎপাদক সমবায় ইউনিয়ন লিমিটেডে (ডব্লিউএএমইউএল) পৰিচালনা কৰা ব্ৰেণ্ড “পুৰবী”য়ে এই বিহুৰ বতৰত প্ৰতিদিনে ৮৫ হাজাৰ লিটাৰতকৈও অধিক গাখীৰ বিক্ৰী কৰে। সেইদৰে এইবেলি পনীৰ বিক্ৰীত ৩৫ শতাংশ বৃদ্ধি, ক্ৰীমৰ পৰিমাণত ৯ শতাংশ বৃদ্ধি নিশ্চিত কৰিছে পুৰৱীয়ে।

ইফালে বিহুৰ তিনিদিনত এইবাৰ ২৩ মেট্ৰিক টন দৈৰ বিক্রীৰেও অভিলেখ ৰচিছে সমবায়খনে। সমবায়খনৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে এইবছৰ দৈৰ বিক্ৰীত পূৰ্বৰ তুলনাত ১৮ শতাংশ বৃদ্ধি ঘটিছে।

তেওঁ লগতে কয় যে নতুন পুৰবী ঘিউয়েও এইবাৰ বজাৰত চাহিদাৰ সৃষ্টি কৈছে। তেওঁ কয়, “এই মাঘ বিহুৰ বতৰত আমি বিক্ৰীৰ পৰিমাণত এক উল্লেখযোগ্য বৃদ্ধি লাভ কৰিছোঁ। আমাৰ সামগ্ৰীবোৰৰ ভিতৰত গাখীৰ আৰু গাখীৰ সমতুল্য আন আন সামগ্ৰীৰ গড় বিক্ৰী প্ৰতিদিনে ১.২৫ লাখ লিটাৰ অতিক্ৰম কৰিছে। আমাৰ গ্ৰাহকৰ এই নিৰন্তৰ প্ৰেমে আমাক দুগ্ধ খেতিয়কসকলক এক বৰ্ধিত ৰাজহ সুযোগ প্ৰদান কৰাত সহায় কৰে।”