বিহুৰ উছাহৰ মাজতে আলফা স্বাধীনলৈ পুনৰ ডজনৰো অধিক অসমীয়া যুৱৰ-যুৱতী। উজনি-নামনি অসমৰ ১৩ জনকৈ যুৱকে বিহুৰ পূৰ্বে যোগ দিলে আলফা স্বাধীনত। আলফাত যোগদানৰ বাবে যুৱপ্ৰজন্মৰ মাজত বৃদ্ধি পোৱা প্ৰৱণতাই চিন্তিত কৰিছে চৰকাৰকো।
শেহতীয়াকৈ আলফাত যোগদান কৰা ১৩ গৰাকী যুৱক-যুৱতীৰ ভিতৰত গুৱাহাটীৰো যুৱক আছে বুলি প্ৰকাশ পাইছে। গুৱাহাটীৰ বেলতলাৰ হিতেশ ডেকা নামৰ যুৱকজনে ম্যানমাৰলৈ গৈ আলফা স্বাধীনত যোগ দিয়াৰ সন্দেহ কৰা হৈছে৷
বিগত কেইবা দিন ধৰি নিৰুদ্দেশ হৈ আছিল হিতেশ৷ পৰেশ বৰুৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি মঙ্গলবাৰে ১০ জন যুৱকে আলফাৰ ম্যানমাৰস্থিত শিবিৰত গৈ উপস্থিত হৈছে। আলফাত যোগদান কৰা এই যুৱকসকলৰ মাজত দুগৰাকী গুৱাহাটীৰ মাজ-মজিয়াৰ আৰু ৩গৰাকী যুৱক গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী এলেকাৰ বুলি জানিব পৰা গৈছে৷
আনহাতে বকোৰ চমৰিয়াৰ অংকুৰ কলিতাই আলফাত যোগদান কৰাটো নিশ্চিত হৈছে। আলফাত যোগদান কৰা যুৱকসকলৰ ভিতৰত আছে উজনিৰ তিনিচুকীয়াৰ ঋতুৰাজ গোহাঁই, পানীতোলাৰ শুভান্তা দুৱৰা, বকোৰ অংকুৰ কলিতা, মিৰ্জাৰ দেৱাশিস দাস, আজাৰাৰ মৃণ্ময় কলিতা, বেলতলাৰ হিতেশ ডেকা, গোলাঘাটৰ বীৰেণ বৰা আৰু উমেশ বৰা, চাংসাৰিৰ ৰঞ্জিত দাস, পানীখাইতিৰ মৃদুল নাথ, বাইহাটাৰ সঞ্জীৱ শৰ্মা, শিৱসাগৰৰ ছহিদুল আহমেদ হাজৰিকা আৰু আনোৱাৰ আলী।