বিহাৰ নিৰ্বাচন: কোন কিমানত আগবাঢ়িছে…

69

ডিজিটেল ডেস্কঃ পুনৰ আগবাঢ়িব ধৰিছে মহাজোঁটবন্ধন৷ এই মুহূৰ্তত মহাজোঁটবন্ধন আগবাঢ়ি থকা আসনৰ সংখ্যা ১১৫ খন হৈছে৷ আনহাতে গতিত আগবাঢ়ি গৈছে বিজেপি নেতৃত্বাধীন এনডিএ৷ এই মুহূৰ্তৰ খবৰ মতে, এনডিএ ১২০ খন আসনত আগবাঢ়িছে৷ NDA তথা বিজেপি আৰু জেডিইউ-এ ১২০ খন আসনত আগবাঢ়িছে৷ হঠাতে পট পৰিবৰ্তন হোৱা দেখা গৈছে৷ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ চলি থকাৰ সময়তে উত্থান-পতনৰ সংখ্যাই নেতাৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ২৪৩ খন আসনৰ বিধানসভাৰ চৰকাৰ গঠন কৰিবলৈ ১২২ খন মেজিক নম্বৰৰ দৰকাৰ৷ কিন্তু এই সময়ত এনডিএ আগবাঢ়ি আছে৷ এনডিএ তথা বিজেপি আৰু জেডিইউ-এ ১২৩ খন আসনত আগবাঢ়ি আহিছে৷