ডিজিটেল ডেস্কঃ বিহাৰৰ ছাপৰা জিলাত বিষাক্ত সুৰা সেৱন কৰি ৪০ জনৰো অধিক লোকৰ মৃত্যু ঘটাৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ।
বিহাৰত সুৰা বন্ধ কৰাৰ পিছত বহু লোক উপকৃত হোৱা বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ।
তেওঁ কয়, এতিয়া বহুসংখ্যক লোকে মদ এৰিছে। এয়া ভাল খবৰ। কিন্তু তাৰ মাজতে একাংশই অশান্তিৰ সৃষ্টি কৰিছে।
বিষাক্ত সুৰা বিক্ৰী কৰা অপৰাধী সকলক কৰায়ত্ত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে নীতিশ কুমাৰে।
উল্লেখ্য যে, বিগত কিছু দিনত ৰাজ্যখনৰ ছাপৰা জিলাত বিষাক্ত আৰু নকল সুৰা পান কৰি মৃত্যু ঘটিছে ৪০ জনৰো অধিক লোকৰ।
আনহাতে এনে সুৰা পান কৰাৰ ফলত আন বহু লোকে দৃষ্টিশক্তি পৰ্যন্ত হেৰুৱাই পেলাইছে।
