বিহাৰৰ মাওবাদী প্ৰভাৱিত এলেকাত ১৬২ টা IED উদ্ধাৰ…

68

বিহাৰৰ মাওবাদী প্ৰভাৱিত ঔৰংগাবাদৰ পৰা চি আৰ পি এফ আৰু বিহাৰ আৰক্ষীয়ে মুঠ ১৬২টা ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে।

চি আৰ পি এফে এক বিবৃতিত কয় যে প্ৰথম অৱস্থাত যৌথ অভিযানৰ সময়ত ১৩টা চাপৰ আই ই ডি ধৰা পৰিছিল।

পিছত সেনাই এটা গুহাত আৰু ১৪৯টা আই ই ডি উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা প্ৰত্যেকটো আইইডিৰে ওজন ১ কিলোগ্ৰাম।

ইয়াত লগতে কোৱা হৈছে যে আই ই ডিসমূহ স্থানীয়ভাৱে ধ্বংস কৰা হৈছে।