ডিজিটেল ডেস্কঃ পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনাই কঁপাইছে সমগ্ৰ দেশ। বিহাৰত কিছুদিন পূৰ্বে এগৰাকী সাংবাদিকৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ উদ্ধাৰ হল আন এগৰাকী সাংবাদিকৰ দগ্ধ মৃতদেহ। যুৱ সাংবাদিক আৰু সমাজকৰ্মী অবিনাশ ঝাৰ (২২)ৰ দগ্ধ মৃতদেহ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উদ্ধাৰ হোৱাৰ ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফেচবুক পোষ্টত ভুৱা চিকিৎসা শিবিৰক লৈ খবৰ সম্প্ৰচাৰ কৰাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰিছিল যুৱ সাংবাদিকগৰাকী। তাৰ পিছতে উদ্ধাৰ হয় তেওঁৰ অগ্নিদগ্ধ মৃতদেহ।
আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে অবিনাশ যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল। তেওঁক শেষবাৰৰ বাবে সেই নিশা প্ৰায় ১০ বজাত মধুবনী অঞ্চলৰ স্থানীয় বজাৰত দেখা গৈছিল। তেওঁ বিহাৰৰ এটা নিউজ পৰ্টেলত কাম কৰি আছিল। অবিনাশ বিভিন্ন সমাজ সেৱা কাৰ্যকলাপতো জড়িত আছিল। তেওঁ অলপতে ফেচবুকত তেওঁৰ অঞ্চলত এটা ভুৱা চিকিৎসা ক্লিনিকৰ বিষয়ে কথা পাতিবলৈ লৈছিল। তেওঁৰ পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। সাংবাদিকজনৰ ঘনিষ্ঠ সকলে অভিযোগ কৰা মতে সেই পোষ্টটোৰ পিছতে ভাবুকি লাভ কৰিবলৈ আৰম্ভ কৰিছিল অবিনাশ ঝাই। আৰু তাৰ পিছতে মঙলবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ পৰে সাংবাদীকগৰাকী। বুধবাৰে দিনজোৰা তালাচীৰ পিছত তেওঁৰ পৰিয়ালে আৰক্ষী চকীত তেওঁৰ নিৰুদ্দেশ সম্পৰ্কীয় অভিযোগ দাখিল কৰে।
আৰক্ষীয়ে সাংবাদিকজনৰ ফোন ট্ৰেছ কৰি চুবুৰীয়া গাওঁ বেটুনত উপস্থিত হৈছিল। কিন্তু, তাৰ পৰা, প্ৰথমতে কোনো সূত্ৰ নাছিল। তাৰ পিছত, যোৱা শুক্ৰবাৰে, এজন অচিনাক্ত ব্যক্তিয়ে সাংবাদিকজনৰ পৰিয়ালৰ এজন সদস্যক ফোন কৰে। বেটুনৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা মৃতদেহ জ্বলি থকাৰ খবৰ পোৱা গৈছিল। শৰীৰটোৰ সৈতে আঙুঠি আৰু ডিঙিৰ চেইন দেখি অবিনাশৰ মৃতদেহটো তেওঁৰ পৰিয়ালে চিনাক্ত কৰে।
উল্লেখ্য যে, আন এজন সাংবাদিক মনীষ কুমাৰ সিঙৰ মৃতদেহ যোৱা আগষ্টত বিহাৰৰ মাথলোহাৰৰ গাদিটলা অঞ্চলৰ পৰা উদ্ধাৰ হৈছিল। তেওঁ এটা টিভি চেনেলৰ সাংবাদিক আছিল। মনীষৰ দেউতাক সঞ্জয় কুমাৰ সিং বিহাৰৰ এখন হিন্দী বাতৰি কাকতৰ এজন প্ৰখ্যাত সম্পাদক। আৰক্ষীৰ সূত্ৰই কয় যে হত্যাকাৰীয়ে সাংবাদীকগৰাকীৰ দুয়োটা চকু কাটি পেলায়। যাৰ ফলত কৰুণ মৃত্যু ঘটে মনীষৰ। ইফালে মনীষৰ দেউতাক সঞ্জয় সিঙে দাবী কৰে যে হত্যাৰ আঁৰত এটা ডাঙৰ ষড়যন্ত্ৰ আছে। তেওঁলোকে পুত্ৰক হত্যা কৰাৰ অভিযোগত ১২ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। যাৰ ভিতৰত আছে মনীষ, অমৰেন্দ্ৰ আৰু আচিয়াজ আলমৰ সৈতে দুজন সাংবাদিকো।