বিহাৰত ১ জুনলৈ সম্পূৰ্ণ লকডাউন…

61

কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰত ১ জুনলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। মঙলবাৰে টুইটযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বিহাৰত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোভিড সংক্ৰমণ আৰু মৃত্যুৰ হাৰৰ বাবেই ২৫ মে’ৰ পৰা ১ জুনলৈ ৰাজ্যখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত বিহাৰত পুনৰ ১০৭ জন কোভিড ৰোগীৰ মৃত্যু ঘটিছে। কোভিডৰ এই ভয়াবহতা প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত ৰাজ্যখনত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ বন্ধ থাকিব আৰু সকলো শৈক্ষিক প্ৰতিষ্ঠানো বন্ধ থাকিব।