বিহাৰত বিষাক্ত সুৰা পান কৰি পুনৰ মৃত্যু ৩ ব্যক্তিৰ, ৩ সুৰা বিক্ৰেতাক আটক

343

সুৰা নিষিদ্ধ বিহাৰত পুনৰ বিষাক্ত সুৰা পান কৰি মৃ্ত্যু তিনি যুৱকৰ। বিহাৰৰ সীতামঢ়ী জিলাত এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰে তিনি সুৰা বিক্ৰেতাক। তেওঁলোকৰ পৰা ৯০ বটল সুৰাও উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে তথ্য লাভ কৰে যে বিষক্ৰিয়াৰ বাবে দুজন লোকক গাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ত উপস্থিত হৈ দেখিলে যে ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে। আনজনৰ অৱস্থা সংকটজনক। পৰিয়ালৰ সৈতে কথা পাতি গাঁৱত জেৰা কৰাৰ পিছত আৰক্ষীয়ে গম পালে যে যুৱকজনে বিষাক্ত সুৰা সেৱন কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে অবৈধ সুৰাৰ দোকানৰ সন্ধান আৰম্ভ কৰে।

গাঁওখনত তালাচী চলাই তিনিজন বিক্ৰেতাক আটক কৰে। অভিযোগ অনুসৰি, আগতে তেওঁলোকে গোপনে এই সুৰা গাঁওবাসীক বিক্ৰী কৰিছিল। আৰক্ষীয়ে জেৰাৰ জৰিয়তে গম পালে যে সেই গাঁৱতে ইতিমধ্যে আৰু দুজন যুৱকৰ মৃত্যু হৈছে। তেওঁলোকৰ মৃত্যুৰ বিষয়ে আৰক্ষীক অৱগত কৰা হোৱা নাছিল। ইতিমধ্যে মৃতদেহ দাহ কৰা হৈছে। মৃত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। প্ৰতিবেদন অহাৰ পিছতেই মৃত্যুৰ কাৰণ জানিব পৰা যাব।

বিহাৰত সুৰা নিষিদ্ধ। ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা নীতিশ কুমাৰ চৰকাৰে ৰাজ্যত সুৰাৰ বিক্ৰী, ক্ৰয় আৰু সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু তাৰ ফলত মদ্যপান বন্ধ নহ’ল। বাৰে বাৰে বিহাৰত সুৰা সৰবৰাহ আৰু মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। চম্পাৰণত চলিত বৰ্ষত কমেও ৩০ জন লোকৰ বিষক্ৰিয়াত মৃত্যু হয়। একে কাৰণতে আৰু তিনিজনৰ মৃত্যু।