বিহাৰত পুনৰ এনডিএ চৰকাৰ: দিল্লীত বিজেপিৰ বিজয় সমাৰোহ

75

ডিজিটেল ডেস্ক: বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএ মিত্ৰজোঁতে সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছতে দিল্লীত বিজেপিয়ে আয়োজন কৰিছে বিজয় সমাৰোহৰ। আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত বিজেপিৰ বিজয় সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নদ্দাৰ লগতে কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে।

অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনডিএৰ জয় গণতন্ত্ৰৰ বিজয় বুলি অভিহিত কৰে। বিহাৰত এনডিএৰ জয়ৰ বাবে দিন ৰাতি কাম কৰা বিজেপি কৰ্মী আৰু ভোটাধিকাৰ সাব্যস্ত কৰা বিহাৰ বাসীকো ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

তেওঁ কয়, “বিহাৰত আমাক সংখ্যা গৰিষ্ঠতা প্ৰদান কৰি বিহাৰবাসীয়ে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে তেওঁলোকে উন্নয়ন বিচাৰে, যিটো আমি কৰিব পাৰো। বিহাৰৰ সৰ্বাংগীন উন্নতিৰ বিশ্বে আমি প্ৰতিশ্ৰুতিবদ্ধ।”