বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ নামঘৰে নামঘৰে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপিত

128

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ নামঘৰে নামঘৰে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপিত হয়।

নগঞাৰ হৰিসেৱক প্ৰাথমিক শাখাৰ নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰে।

পতাকা উত্তোলন কৰে সভাপতি ভবেন বৰুৱাই আৰু ইয়াৰ পিছতে
নাম-প্ৰসংগ কৰে প্ৰাথমিক শাখাৰ প্ৰাক্তন সভাপতি উমা বৰুৱাই।।

গুৰু পৰিচয় প্ৰদান কৰে নাৰায়ণপুৰ আঞ্চলিক শাখাৰ শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ উপ-সভানেত্ৰী ৰুণু বৰুৱাই।।

শিশু আৰু যুৱক-যুৱতীসকলে দলীয় বৰগীত,
শিশুসকলে গায়ন-বায়ন,
প্ৰিন্সিপিয়া ভৰালীয়ে বৰগীত পৰিবেশন কৰে।।

উক্ত অনুষ্ঠানত সদ্যঘোষিত দশম শ্ৰেণীৰ চিবিএছচি পৰীক্ষাত ৯১ .৬ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱা নৱকৃষ্ণ বৰুৱা আৰু প্ৰথম বিভাগত উত্তীৰ্ণ চিন্ময়ী ভৰালীক সম্বৰ্ধনা জ্ঞাপন কৰে।।

জন্মাষ্টমী নামেৰে সকলোৱে মিলিজুলি পৰিবেশন কৰে।।

নাৰায়ণপুৰ আঞ্চলিক শাখাৰ বন্তিপুৰ প্ৰাথমিক, শ্ৰীৰাম আতা প্ৰাথমিক, ৰামচৰণ প্ৰাথমিক, হৰিচৰণ প্ৰাথমিক শাখাকে ধৰি আঞ্চলিক শাখাৰ পঞ্চাশটা প্ৰাথমিক শাখাৰ নামঘৰত উদযাপন কৰা হয়।।

ৰাতিলৈয়ো বহু নামঘৰত জন্মাষ্টমী উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে বুলি জানিব পৰা গৈছে।