বিষয় লাভ জেহাদ: বিজেপিক উভটি ধৰিছে কংগ্ৰেছে

64

ডিজিটেল ডেস্ক: ‘লাভ জেহাদ’ৰ বিৰুদ্ধে দেশত নতুন বিতৰ্ক আৰম্ভ হোৱাৰ লগতে বিজেপি শাসিত ৰাজ্যত লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰনয়ন কৰাৰ বাবে আগবাঢ়িছে৷ ইয়াৰ মাজতে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বঘেলে লাভ জেহাদ বিষয়ক লৈ উভতি ধৰিছে বিজেপিক৷

ভূপেশ বঘেলে বিজেপিক উভতি ধৰি কয় যে বিজেপিৰ ভিতৰচৰাতে আন্তঃবিবাহ কৰা লোক আছে৷ সেইসকলৰ বাবে লাভ জেহাদৰ আইন কাৰ্যকৰী হ’ব নে নাই৷ শনিবাৰে সংবাদমাধ্যমৰ মুখামুখী হৈ বঘেলে কয় যে বিজেপিৰ বহু নেতাই তথা পৰিয়ালৰ সদস্যই আন্তঃবিবাহ কৰিছে৷ মই বিজেপিৰ নেতাক প্ৰশ্ন কৰিব খুজিছো যে এইসকল লাভ জেহাদৰ পৰিসৰৰ ভিতৰত আহিব নে নাই৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত লাভ জেহাদ বিৰোধী আইন ৰূপায়ন কৰিম বুলি ঘোষণা কৰে৷ ইমানে নহয় মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে আইন ৰূপায়ন কৰাৰ ঘোষণা কৰিছে৷