বিষয় কোৰোনাঃ ১০ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

101

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত আজি ১০ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী৷ আজি দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ যোগে অনুষ্ঠিত হোৱা বৈঠকত অংশ লয় পশ্চিমবঙ্গ, অন্ধ্রপ্রদেশ, কর্নাটক, তামিলনাডু, মহাৰাষ্ট্ৰ, পঞ্জাৱ, বিহাৰ, গুজৰাট, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে৷

উল্লেখ্য যে, ভাৰতত ক্ৰমাৎ হ্ৰাস পাইছে কোৰোনা সংক্ৰমণৰ সংখ্যা। আনহাতে ভাৰতত এতিয়া কোৰোনা ভাইৰাছৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰে সদৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত ৫৩,৬০১ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত মুঠ কোৰোনা আক্ৰান্তৰ সংখ্যা মঙলবাৰৰ পুৱা পৰ্যন্ত হৈছে ২২,৬৮,৬৭৬ জন। ইয়াৰে সুস্থ হৈ উঠিছে ১৫,৮৩,৪৯০ জন। দেশত এতিয়াও চিকিৎসাধীন হৈ আছে ৬,৩৯,৯২৯ জন। চৰকাৰী তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈকে ২.৪৫ কোটি লোকৰ দেহত কোৰোনা পৰীক্ষা কৰা হৈছে।

দেশত কোৰোনা সংক্ৰমণৰ ক্ৰমাগত হ্ৰাস আৰু ইয়াৰ পৰৱৰ্তী ব্যৱস্থা সন্দৰ্ভতে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ১০ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হয়। প্ৰণিধানযোগ্য যে, প্ৰায় ৪ মহীয়া লকডাউনৰ অন্তত ভাৰতত এতিয়া লাহে লাহে আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে।