বিষ্ণুৰাভা নগৰ উদ্যোগী মহিলা কমিটিৰ সামগ্ৰী বিতৰণ

61

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ বিৰুবাৰীস্থিত বিষ্ণু ৰাভা নগৰ উদ্দ্যোগী মহিলা কমিটিয়ে সাধৰণ শ্ৰমজীৱী মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ মঙলবাৰে কমিটিৰ উদ্যোগত মহানগৰীৰ বিৰুবাৰী, গোপীনাথ নগৰত প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ কমিটিৰ সভানেত্ৰী প্ৰতিভা পাটোৱাৰী, সম্পাদক মিতালী ৰাজবংশীৰ উপস্থিতিত খাদ্য সামগ্ৰী সামগ্ৰী বিতৰণ কৰা হয় ৷ উল্লেখ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত কমিটিৰ সদস্য ক্ৰমে গীতা দাস, কমলা দাস, প্ৰতিভা নাথ, জ্যোতিৰূপা দাসে উপস্থিত থাকি সহাযোগিতা আগবঢ়ায়।