বিশ্ব পৰিবেশ দিৱসৰ দিনটোতেই প্ৰথম বৰ্ষপূৰ্তি পালন কৰিলে কুসুমকুঞ্জ অৰ্গেনিকচে

75

এগৰাকী উদ্যমী যুৱতী শিখা হাতীবৰুৱাৰ সপোন আৰু চিন্তাৰে তথা উদীয়মান যুৱক নীহাৰেন্দ্ৰ শৰ্মাৰ সহযোগিতাৰে আৰম্ভ হোৱা কুসুমকুঞ্জ অৰ্গেনিকচে শুকুৰবাৰে বিশ্ব পৰিবেশ দিৱসৰ দিনা এবছৰ সম্পূৰ্ণ কৰে। প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে যোৰহাট আৰু গুৱাহাটীত গছপুলি ৰোপণ আৰু গছপুলি বিতৰণ কাৰ্যসূচীৰে কুসুমকুঞ্জ অৰ্গেনিকচে পালন কৰে। আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠান! যোৰহাটত প্ৰতিষ্ঠাতা শিখা হাতীবৰুৱাৰ উদ্যোগত আৰু “বুকডিপো লাহদৈগড়”ৰ সহযোগত মেলেং গোহাঁই গাওঁ উচ্চ ইংৰাজী বিদ্যালয়,গোহাঁই গাওঁ আদৰ্শ শিশু নিকেতন,গোহাঁই গাওঁ মেলেং মধ্য ইংৰাজী বিদ্যালয়,৩২৬ নং কৰছগুৰি প্ৰাথমিক বিদ্যালয়,জয়ৰাম পাত্ৰ প্ৰাথমিক বিদ্যালয় আৰু ৫৫৫ নং গোহাঁই গাওঁ প্ৰাথমিক বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়!
আনহাতে গুৱাহাটীতো
কুসুমকুঞ্জ অৰ্গেনিকচৰ অন্যতম প্ৰতিষ্ঠাতা নীহাৰেন্দ্ৰ শৰ্মাই জ্যোতি চিত্ৰবনৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰাৰ লগতে সমাজৰ কেবাগৰাকীও গুণী-জ্ঞানী ব্যক্তিক লগ কৰি একোটিকৈ গছপুলি বিতৰণ কৰে।গুৱাহাটীত এই কৰ্মত সম্পূৰ্ণ সহযোগ কৰে অসমৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেচনে।