বিশ্বনাথৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ দুৰ্ঘটনা ৷ হুঁচৰি গাৱলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ৫ গৰাকী কিশোৰ-কিশোৰীৰ৷
মৃত্যু ৫ গৰাকী যুৱক যুৱতীৰ মৰনোত্তৰ পৰীক্ষা বাবে বিহালীলৈ লৈ আনে ।
বিহালীৰ মৰনোত্তৰ পৰীক্ষা কেন্দ্ৰৰ সামূহিক পৰিবেশ
AS 25 DC 7418 নম্বৰৰ এখন বলেৰ পিকআপ গাড়ীত হুছৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া এটা দল ৷ দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটিছে তিনিগৰাকী কিশোৰীসহ দুজন কিশোৰৰ৷ কিশোৰী কেইগৰাকী ক্ৰমে ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়ো , বৰ্ণালী বড়ো ৷
নিহত যুৱক কেইজন ক্ৰমে, সঞ্জয় বসুমতাৰী , কলিমন বসুমতাৰী ৷ আনহাতে 5 জন আহত ৷
আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰনি গেৰেজ গাৱৰ৷
