বিশ্বনাথত মুকলি হ’ব সদানন্দ ফাউণ্ডেচন

101

বিশ্বনাথ: প্ৰয়াত ড° সদানন্দ হাজৰিকাৰ স্মৃতিত তেখেতৰ বছৰেকীয়া মৃত্যু তিথিৰ দিনা অৰ্থাৎ অহা এপ্ৰিল মাহত মুকলি হ’ব ড° সদানন্দ হাজৰিকা সোঁৱৰনী ন্যাসৰ অধীনত ‘সদানন্দ ফাউণ্ডেচন’ৰ। যিটো হ’ব বিশ্বনাথ অঞ্চলৰ প্ৰথমটো অনুষ্ঠান য’ত অবিৱাহিত মহিলাক বিনামূলীয়াকৈ ভৰণ-পোষণ দি স্ব-নিৰ্ভৰশীল কৰাৰ প্ৰয়াস কৰা হ’ব ৷

প্ৰথম অৱস্থাত ছয় গৰাকী মহিলা আৰু পৰ্যায় ক্ৰমে ইয়াৰ পৰিসৰ বৃদ্ধি কৰি নাৰী সৱলীকৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈ সেইসকল মহিলাৰ কৌশলগত বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজকে স্বনিৰ্ভৰশীল হিচাপে গঢ়ি তোলা হ’ব ৷ মহানুভৱতাৰ পৰিচয় দিয়া এই ন্যাসৰ গৰাকী হৈছে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰয়াত প্ৰাক্তন অধ্যক্ষ ড° সদানন্দ হাজৰিকাৰ সহধৰ্মিনী বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰৰ্বী তথা সহযোগী অধ্যাপিকা ড° মিনতি পাঠক হাজৰিকা ৷

ইতিমধ্যে কাৰ্যকৰীকৰণৰ বাবে এখন উপদেষ্টা সমিতি গঠন কৰা হৈছে আৰু ন্যাস ৰেজিষ্টাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে৷ প্ৰয়াত প্ৰাক্তন অধ্যক্ষ ড° হাজৰিকাৰ আয়ৰ অংশ দুখীয়া জনসাধাৰণৰ হকে খৰচ কৰাৰ তেখেতৰ পৰিয়ালৰ যি প্ৰচেষ্টা, এয়া সচাঁকৈয়ে আদৰণীয় আৰু প্ৰশংসনীয় ৷ এনেধৰণৰ জনকল্যাণকামী কামকাজ ভৱিষ্যত প্ৰজন্মৰ বাবে দৃষ্টান্ত হৈ ৰ’ব৷