বিশ্বনাথত ডাইনীৰ সন্দেহত বৃদ্ধক হত্যাৰ চেষ্টা…

80

ৰাজ্যত পুনৰ অন্ধবিশ্বাসৰ ঘটনা সংঘটিত হৈছে। এইবাৰ অন্ধ বিশ্বাসৰ বলি হৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হল বিশ্বনাথৰ এজন বৃদ্ধ। জিলাখনৰ ২ নং বৰজাৰনীৰ কাচবিল প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ডাইনীৰ সন্দেহত লংকী বে’ নামৰ ৬২ বছৰীয়া এজন বৃদ্ধক মাৰপিট কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, বৃদ্ধ লোকজনক বৰজাৰণিৰ ১ নং বগীজুলিস্থিত নিজ পাম ঘৰৰ পৰা ডাইনীৰ সন্দেহত এখন চাৰিচকীয়া বাহনত চাৰিজনকৈ লোকে উঠাই আনিছিল। তাৰ পিছত বিদ্যালয় চৌহদত বৃদ্ধজনক মাৰপিট কৰি হত্যাৰ চেষ্টা চলায়। যাৰ ফলত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় লংকী বে’।

ইফালে, ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগেই সেই স্থান ত্যাগ কৰে নৰপিশাঁচৰ দলটোৱে ৷ ডাইনীৰ সন্দেহত দলৱদ্ধ আক্ৰমণৰ বলি হোৱা লংকী বে’ক আৰক্ষীৰ দলে পিছত ততালিকে চিকিৎসালয়লৈ লৈ যায়।
আনহাতে ঘটনাৰ পিছতে জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিনিসুতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হোৱা লংকী বে’ৰ পৰিয়ালৰ সদস্যক স্থানীয় গাওঁবুঢ়া ৰামনাথ টেৰণে এজাহাৰত ডাইনীৰ সন্দেহত দলৱদ্ধ আক্ৰমণ চলোৱাৰ প্ৰসংগ উল্লেখ নকৰিবলৈ হেঁচা প্ৰদান কৰি কেৱল মাৰপিটৰ হোৱা বুলি সাধাৰণ এখন এজাহাৰ লিখি চহী কৰাই আৰক্ষী চকীত দিয়াৰ অভিযোগ কৰিছে এজাহাৰ দাখিলকাৰী লোকজনৰ পুত্ৰই ৷