বিশ্বনাথ চাৰিআলিত আৰক্ষীৰ গুলীত আহত এজন ডকাইত। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাত ডকাইত জনলৈ লক্ষ্য কৰি গুলিচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে।
আঘাতপ্ৰাপ্ত ডকাইতজন জাহিৰ আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাহিৰ আলীক। ধৃত ডকাইতজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নকল নোট আৰু সোন জব্দ কৰিবলৈ সক্ষম হৈছিল।
ইফালে আৰক্ষীৰ গুলীত আহত ডকাইত জনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে।
