বিদ্যুৎৰ বিল বৃদ্ধিক লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা বিটিচিৰ প্ৰাক্তন ই এম জগদীশ চৰকাৰ আৰু মহেশ্বৰ বসুমটাৰীৰ।
ফেন বন্ধ কৰি গছৰ তলত থাকিব দিয়াক লৈ বিৰূপ মন্তব্য একালৰ সতীৰ্থ জগদীশ চৰকাৰ।
‘বিশ্বজিৎ দৈমাৰী জংঘলত থকা মানুহ, আমি একেলগে জংঘলত আছিলোঁ’- জগদীশ চৰকাৰ।
আজি গোৰেশ্বৰত এক দলীয় সাধাৰণ সভাত উপস্থিত হৈ বিটিচিৰ প্ৰাক্তন ই এম জগদীশ চৰকাৰে কয় যে আমি একেলগে জংঘলত আছিলোঁ গতিকে তেওঁ জংঘলত থকাৰ কথাই ক’ব।এই পিনে মহেশ্বৰ বসুমটাৰীয়েও তীব্ৰ ভাষাৰে ককৰ্থনা কৰে অধ্যক্ষ গৰাকীক।
