বিশিষ্ট শিল্পী, অসম আন্দোলনৰ সক্ৰিয় কর্মী যামিনী কুমাৰ গোস্বামীৰ মৃত্যু

63

ষ্টাফৰিপৰ্টাৰ : বিশিষ্ট শিল্পী, অসম আন্দোলনৰ সক্ৰিয় কর্মী যামিনী কুমাৰ গোস্বামীৰ শুকুৰবাৰে মৃত্যু হয়। কিছুদিন ধৰি অসুস্থ হৈ থকাৰ বাবে তেওঁক শুকুৰবাৰে গুৱাহাটীৰ এপ’ল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও আবেলি তিনি বজাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিল্পী আছিল যদিও অসম আন্দোলনত জড়িত হোৱা বাবে তেওঁক চৰকাৰ তথা প্ৰশাসনে নিলম্বনো কৰিছিল। মৃত্যুৰ সমূহত তেওঁ পত্নী, এজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি যায়। তেওঁৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সদৌ গুৱাহাটী ছাত্র সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে তেওঁ অসম আন্দোলনলৈ আগবঢ়োৱা বৰঙণি স্মৰণীয় হৈ ৰ’ব বুলি কয়। কাহিলিপাৰাৰ নৰকাসুৰ নিবাসী যামিনী কুমাৰ গোস্বামীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে। কাইলৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।