বিশিষ্ট শিক্ষাবিদ সাহিত্যিক চিত্ৰশিল্পী ডঃ ভাৰত বৰাক টীয়ক পৰীয়া সাহিত্য বটাঁ প্ৰদান

147

ৰিদিপ বৰঠাকুৰ, যোৰহাট: টীয়কৰ “শিকলি” কাব্যালোচনীয়ে আগবঢ়োৱা টীয়কপৰীয়া সাহিত্য বটাঁ আজি আনুষ্ঠানিকভাৱে নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰগ্ৰহণ কৰা ড° ভাৰত বৰাক প্ৰদান কৰে। সাহিত্যিক গৰাকীৰ টীয়ক কলীয়াপানীস্থিত বাসগৃহত এক মনোৰম পৰিবেশত এই বটাঁ প্ৰদান কৰে।

উল্লেখযোগ্য যে, কাব্যালোচনীখনে মৃগনাভিৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে এই বটাঁ ঘোষণা কৰিছিল। প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকাৰ সোৱঁৰণত এই বটাঁ আগবঢ়াইছে। আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত টীয়কৰ জ্যেষ্ঠ নাগৰিক বিশিষ্ট শিক্ষাবিদ আশোক বৰা, যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি অজিত বৰদলৈ, টীয়ক জ্যোতি বিদ্যাপীঠৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস, নাট্যকৰ্মী ৰমেন শৰ্মা, ভাওনা সব্যসাচী কৃষ্ণ পদ কলিতা, শিল্পী অশোক বৰা, ড° বিৰিঞ্চি কুমাৰ বৰা প্ৰমুখ্যে বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা সমাজকৰ্মী সকল উপস্থিত থাকে।

বিমান শইকীয়া আৰু ভাগ্যশ্ৰী তামুলীয়ে আঁতধৰা গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটোত অভ্যাগত বিশিষ্ট ব্যক্তি সকলক একোখনকৈ গ্ৰন্থ আৰু একোটা কলমেৰে আদৰণি জনায়। টীয়কৰ জ্যেষ্ঠ নাগৰিক তথা শিক্ষাবিদ অশোক বৰাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত মঙ্গলাচৰণ কৰে শিল্পী অশোক বৰাই। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই বটাঁ দাতা পৰিয়ালৰ দেৱজিৎ হাজৰিকাই।

সভাত ড° ভাৰত বৰাক আনুষ্ঠানিক ভাবে টীয়কপৰীয়া সাহিত্য বটাঁ ২০২০ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই বটাঁ প্ৰদানৰ পূৰ্বে সাহিত্যিক গৰাকীক ফুলাম গামোছা, চেলেংচাদৰ, আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয়। বটাঁত আছে গ্ৰন্থৰ টোপোলা, এটা স্মাৰক, প্ৰশস্তিপত্ৰ আৰু নগদ ধন।

উল্লেখযোগ্য যে, অসমৰ কেইবাগৰাকীও প্ৰথিতযশা সাহিত্যিকৰ বিখ্যাত গ্ৰন্থৰ বেটুপাত অংকণেৰে খ্যাতি অৰ্জন কৰা ড° ভাৰত বড়াই ৪২ খনকৈ গ্ৰন্থ ৰচনা কৰিছে। বৈষ্ণৱ সাহিত্য কোষ, ভূগোল শব্দকোষৰ দৰে মূল্যবান গ্ৰন্থ ৰচয়িতা ড° বৰাই প্ৰথিতযশা সাহিত্যিক মহিম বৰাৰ কাঠনি বাৰীৰ ঘাট, যোগেশ দাসৰ “ডাৱৰ আৰু নাই” আদি বহুকেইখন বিখ্যাত গ্ৰন্থৰ বেটুপাত অংকন কৰিছিল। কবি ঋষি কন্যা ভূঞা দাস, গীতাশ্ৰী তামুলী সহ বহুকেইগৰাকী কবিৰ কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলে ।টীয়কৰ পৰা দেৱজিৎ বৰা