বিশিষ্ট লোকশিল্পী দেৱকান্ত শইকীয়াইলৈ ২০২১ বৰ্ষৰ বকুলবন বঁটা

93

নগাঁৱৰ বিশিষ্ট লোকশিল্পী দেৱকান্ত শইকীয়ালৈ ২০২১ বৰ্ষৰ সন্মানীয় বকুলবন বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য যে, বকুলবনৰ কবি খ্যাত পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱা আৰু তেওঁৰ সহধৰ্মিনী প্ৰমিলা বৰুৱাৰ সোঁৱৰণত প্ৰদান কৰি অহা হৈছে বকুলবন বঁটা। বুধবাৰে যোৰহাটৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২১ৰ বকুলবন বঁটা লোকগীতৰ সাধক তথা লোকবাদ্যৰ ওজা দেৱকান্ত শইকীয়াক প্ৰদান কৰা হয়।

প্ৰণিধানযোগ্য যে, লোকশিল্পী দেৱকান্ত শইকীয়াই কৃষি কৰ্মত নিয়োজিত হৈও কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰী গীত, দেহবিচাৰ গীত আদি নিয়মিতভাৱে চৰ্চা আৰু পৰিৱেশন কৰি আহিছে। অসমৰ প্ৰতিথযশা লোকশিল্পী ৰামেশ্বৰ পাঠকৰ পৰা লোকসংগীতৰ শিক্ষা লাভ কৰি ৰেডিঅ’ আৰু দুৰদৰ্শনতো সংগীত পৰিৱেশন কৰি আহিছে দেৱকান্ত শইকীয়াই। তেও কেইবাখনো কেছেটতো কণ্ঠদান কৰিছে।

বুধবাৰে সন্মানীয় বকুলবন বঁটা লাভ কৰি আনন্দ প্ৰকাশ কৰে বিশিষ্ট লোকশিল্পীগৰাকীয়ে। তেওঁ কয়, ‘আজি মোৰ খুবেই ভাল লাগিছে। মোৰ আজি কীৰ্ত্তনৰ বিপ্ৰ দামোদৰ আখ্যানটোলৈ মনত পৰিছে। দৰিদ্ৰ বিপ্ৰই ভগৱন্তৰূপী দামোদৰৰ কৃপাত একেদিনাই বহু ধন-দৌলত লাভ কৰিছিল। বিপ্ৰই ভৱা নাছিল যে তেওঁৰ এনে এটা পৰিৱৰ্তন হ’ব। আজি মোৰো তেনেকুৱা এটা অনুভৱ হৈছে।’