বিলাসীপাৰাত আৰক্ষীৰে সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ ডকাইত

121

ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰক্ষীৰ গুলীত নিহত হয় এজন দুৰ্ধৰ্ষ ডকাইত। জানিব পৰা মতে, শনিবাৰে নিশা ছয়জনীয়া ডকাইতৰ দল এটাই বঙাইগাঁও পৰা বিলাসীপাৰা অভিমুখে অহা থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।

ইয়াৰ পিছতে বিলাসীপাৰা মহকুমা আৰক্ষীয়ে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চাপৰ থানা, শালকোচা আৰক্ষী চকী আৰু বিলাসীপাৰা বেলতলীত অভিযান চলায়। কিন্তু ডকাইতৰ ছয়জনীয়া দলে তিনিখন বাইকেৰে দ্ৰুতগতিত এখন এখনকৈ তালাচী চকী পাৰ হৈ আহিবলৈ আৰম্ভ কৰে। অৱশেষত বাইকত অহা ডকাইতৰ দলটোৱে বেলতলীত আৰক্ষীক দেখি গুলীয়াই পলাবলৈ লওঁতেই পূৰ্বৰে পৰা উক্ত স্থানত খাপ পিটি থকা আৰক্ষীয়ে ওলোটাই গুলীচালনা কৰে।

আনহাতে, চাপৰৰ পৰা বাইকৰ পিছে পিছে খেদি অহা আৰক্ষীৰ দলেও ডকাইতৰ দললৈ লক্ষ্য কৰি গুলী চালনা কৰে। যাৰ ফলত এজন ডকাইতৰ শৰীৰত গুলী লাগি বাইকৰ পৰা পৰি যায়। গুলীবিদ্ধ হৈ বাইকৰ পৰা পৰি যোৱা ম’ষ্ট ৱাণ্টেড ডকাইত ছহিদুল ইছলাম ওৰফে ছাইদৰ আলী ওৰফে সুজি ওৰফে বগা ছহিদুল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। আনহতে গুলীবিদ্ধ ডকাইতটোৰ পৰা আৰক্ষীয়ে এটা অত্যাধুনিক পিষ্টল আৰু গুলী জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে দলটোৰ আন পাচঁটা ডকাইতে পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গুলীবিদ্ধ ডকাইতটোক প্ৰথমে বিলাসীপাৰা চিকিৎসালয় আৰু পিছত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও ধুবুৰী অসামৰিক চিকিৎসালয়ত ডকাইতটোৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। বিলাসীপাৰা আৰু চাপৰ আৰক্ষীয়ে ডকাইতৰ দলটোলৈ ৯ জাঁই গুলী চলাইছিল বুলি আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে জানিবলৈ দিয়ে।