বিমান বন্দৰৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে ধৰ্ণা-প্ৰতিবাদ

69

ষ্টাফৰিপৰ্টাৰ, কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰকে ধৰি দেশৰ কেইবাটাও লাভজনক বিমান বন্দৰক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আৰম্ভণীৰে পৰা বিৰোধীতা কৰি আহিছে। দেশৰ কেইবাটাও ট্ৰেড ইউনিয়নৰ সৰ্ববৃহৎ যৌথ ট্ৰেড ইউনিয়ন ‘Joint Forum of unions and Association’ য়ে। তেনেদৰে ভাৰতীয় মজদুৰ সংঘয়ো (বি.এম.এছ) চৰকাৰৰ বিমান বন্দৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে যোৱা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ দেশজুৰি ‘চৰকাৰ জাগো সপ্তাহ’ শীৰ্ষক সপ্তাহজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। আনহাতে বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ৩০ জুলাইত ‘Joint Forum of unions and Association’ ৰ আহ্বান মৰ্মে আৰু বি এম এছৰ সহযোগত এয়াৰপৰ্ট এম্পলয়িজ ইউনিয়ন (এ.এ.ই.ইউ) দিনৰ এক বজাৰ পৰা বিয়লি তিনি বজালৈ দুঘণ্টীয়া ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীত এ.এ.ই.ইউৰ উপৰি এ.এ.আই ইঞ্জিনিয়াৰিং গীল্ড, এ.এ.আই কমিউনিকেছন গীল্ড, এয়াৰপৰ্ট কামাণ্ডাৰ ইউনিয়ন, এ.এ.আই.এছ.চি.এছ এম্পলয়িজ ৱেলফেয়াৰ এচ’ছিয়েছনৰ শতাধিক কৰ্মকৰ্তা-সদস্যই স্বাস্থ্য বিধি পালন কৰি হাতে হাতে বেনাৰ, প্লে-কাৰ্ড, পোষ্টাৰ, পতাকা আদি লৈ চৰকাৰৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত পবিত্ৰ দাস, প্ৰসাদ পাটিল, সুনীল লাল চৌধুৰী, অৰ্জুন বাচফোৰ, ৰাজু দাসকে ধৰি ইউনিয়ন সমূহৰ কেইবাজনো নেতাই ভাগ লৈ চৰকাৰৰ বিৰুদ্ধে অনাগত সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি হুংকাৰ দি শ্ৰমিক-কৰ্মচাৰীক একগোট হৈ থাকিবলৈ আহ্বান জনায়।