বিপদৰ আগজাননী! কমলপুৰত তামোলৰ খুঁটাতে বিদ্যুৎ সংযোগ দি দায়িত্ব সামৰিছে বিদ্যুৎ বিভাগে

87

পৱন নীল কাশ্যপ, চাংসাৰিঃ বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ডই এতিয়া বিপদৰ আগজাননী কঢ়িয়াইছে কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৩নং হচন গাঁওলৈ। অতি বিপদ্জনক ভাৱে তামোলৰ খুঁটাতেই বিদ্যুৎ সংযোগ প্ৰদান কৰাত যিকোনো সময়ত সংঘটিত হব পৰা বিপদৰ আশংকাত ভূগিছে গাঁওখনৰ ৰাইজ।

ইফালে অভিযোগ অনুসৰি, হৰদত্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩নং হচন গাঁওৰ অৰ্ধেক সংখ্যক লোকেই আজিও লাভ কৰা নাই বিদ্যুতৰ সংযোগ। স্থানীয় লোকৰ এই সমস্যা সন্দৰ্ভত আজি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা সঁজাতি দল গাঁওখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু অনতি পলমে এই সমস্যা সমাধান কৰাৰ বাবে স্থানীয় বিধায়ক দিগন্ত কলিতা আৰু শক্তি বিভাগক দাবী জনায়৷