যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ বিৰুদ্ধে মহিলাক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপনক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ বিপদ নামিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীলৈ।
মহিলাৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ অভিযোগত ৰাণা গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিকে ধৰি মহিলা সংগঠন।
ইতিমধ্যে দিছপুৰ থানাত ৰাণা গোস্বামীৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিলো কৰা হৈছে।
থানাত এই এজাহাৰ দুখন দাখিল কৰিছে ৰাজ্যিক বিজেপি আৰু মহিলা মৰ্চাই।
ৰাজনীতিৰ সৈতে জড়িত মহিলাক অপমান কৰাৰ অভিযোগ এই এজাহাৰ দাখিল কৰি ৰাণা গোস্বামীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মহিলাসকলে।
তদুপৰি কংগ্ৰেছ নেতাগৰাকীক ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী জনাইছে ৰাজ্যিক বিজেপি আৰু মহিলা মৰ্চাই।
