বিধায়ক শ্বেৰমান আলীৰ জামিন আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

108

গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শ্বেৰমান আলীৰ জামিন আবেদন। বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী জীৱন কটাই আছে বাঘবৰ সমষ্টিৰ বিধায়কজনে।

উল্লেখ্য যে, বিধায়ক শ্বেৰমান আলীক মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষে বিধায়ক পুঁজি আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল আৰু বিশেষ সতৰ্কতা কোষৰ অধীনত ৫ দিনৰ জিম্মাত ৰখা হৈছিল।

পিছত, মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে (চিজেএম) শ্বেৰমান আলীক কাৰাগৰলৈ প্ৰেৰণ কৰে। বিধায়ক শ্বেৰমেন আলী তেতিয়াৰ পৰাই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।

প্ৰণিধানযোগ্য যে, এই মাহৰ আৰম্ভণিতে, ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত অসম আন্দোলনৰ সময়ত নিহত হোৱা আঠজন অসমীয়া যুৱকৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবে শ্বেৰমান আলীক প্ৰথমবাৰৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পিছত, বাৰে বাৰে দলৰ অনুশাসন উলংঘা কৰাৰ বাবে কংগ্ৰেছ দলে তেওঁক নিলম্বন কৰে।