বিধায়ক পদ্ম হাজৰিকাই চলাইছে গুণ্ডাগিৰিঃ ইত্তেহাদ ফ্ৰন্ট

84

ষ্টাফৰিপৰ্টাৰ, শোনিতপুৰ জিলাৰ চকীঘাটত ৰাজহ চক্ৰ বিষয়াক আক্ৰমণ কৰা ঘটনাক ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আক্ৰমণকাৰী সকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ৷ ইত্তেহাদ ফ্ৰন্ট অসমৰ সভাপতি নুৰ ইছলামে কয় ‘চকীঘাটত সংঘটিত হোৱা ঘটনাটো কিয় সংগঠিত হবলৈ পালে ইয়াৰ সম্পূৰ্ণ দায়ী বিজেপি নেতৃত্বাধীন সোনোৱাল চৰকাৰ ৷ জামুগুৰিহাটত উচ্ছেদ কৰা মানুহখিনি যদি সচাকৈয়ে বিদেশী নাগৰিক তেনেহলে ইমান দিনে চৰকাৰে সেই লোক সকলৰ বিৰূদ্ধে কিয় আইনী ব্যৱস্থা লোৱা নহল বুলি প্ৰশ্ন উত্থাপন কৰে সভাপতি নুৰ ইছলামে । গৰাখহনীয়াৰ কৱলত স্বৰ্বস্ৰান্ত হৈ দুই তিনি দশক ধৰি বসবাস কৰি অহা লোকসকলক উচ্ছেদ কৰাত বিধায়কজনে বন্ধুক হাতত লৈ এক প্ৰকাৰৰ গুণ্ডাগিৰি হে দেখুৱাইছে ৷ ছাউদ ইণ্ডিয়ান ভিলেইনৰ দৰে বন্ধুক হাততলৈ বিশেষ এটা সম্প্ৰদায়ৰ লোকক মাৰিবলৈ যোৱা ঘটনা কেতিয়াওঁ গ্ৰহণযোগ্য হব নোৱাৰে বুলি কয় সভাপতি জনে । গুণ্ডাগিৰি কৰা অপৰাধত বিধায়ক পদ্ম হাজৰিকাৰ বিৰূদ্ধে শোনিতপুৰ প্ৰশাসন তথা অসম চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে সংগঠনটোৱে।
দীৰ্ঘদিনীয়া বিদেশীৰ সমস্যা সমাধানৰ উদ্দেশ্য মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হল আৰু সম্পূৰ্ণ খচৰাওঁ প্ৰকাশ পাইছে তেনেক্ষেত্ৰত উচ্ছেদিত লোক সকলক কিহৰ ভিত্তিত সন্দেহযুক্ত নাগৰিক বুলি বাতৰি পৰিবেশন কৰা হৈছে নে সংখ্যালঘু হোৱাৰ বাবেই উদ্দেশ্য প্ৰণোদিত ভাবে সন্দেহযুক্ত নাগৰিকৰ লেবেল লগাই এটা সম্প্ৰদায়ক নিশেষ কৰাৰ ষৰযন্ত্ৰ চলাইছে বিজেপি চৰকাৰে। ‘