ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে দুদিন ধৰি অন্ধকাৰত ডুব গৈছে নগাঁও চহৰৰ বিভিন্ন অঞ্চল। ফলত জীয়াতু ভুগিব লগা হৈছে চহৰখনৰ বিভিন্ন অঞ্চলৰ ৰাইজে।
উল্লেখ্য যে, পৰহি নিশা প্ৰায় ন বজাত অহা এজাক বিধ্বংসী ধুমুহাত চহৰখনৰ বিভিন্ন স্থানত বৈদ্যুতিক লাইনৰ বিস্তৰ ক্ষতি সাধন হয়। প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাত বহু স্থানত বৈদ্যুতিক লাইনৰ খুঁটা ভগাৰ উপৰিও বিদ্যুৎ পৰিবাহী তাঁৰো ছিগে। সেই সময়ৰ পৰাই বাতৰি লিখা পৰ্যন্ত নগাঁও চহৰৰ মাজমজিয়াৰ কেতবোৰ অঞ্চলৰ উপৰিও আমোলাপট্টিৰ একাংশ, শিৱনগৰ, পানীগাঁও(একাংশ), ডিমৰুগুৰি, ডিফলু, বৈদ্যটুপ প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ আছে।
সংশ্লিষ্ট অঞ্চলৰ বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজে পানীৰ সংকটত ভুগিব লগা হৈছে ।মটৰৰে পানী উঠাব নোৱাৰা হেতুকে হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। সংশ্লিষ্ট অঞ্চলৰ ভূগৰ্ভস্থ পানীত অতি মাত্ৰাত আইৰণ থকা হেতুকে দমকলৰ পানীও ব্যৱহাৰৰ অনুপযোগী। সেয়েহে বহুতেই প্ৰয়োজনীয় খোৱা পানী ক্ৰয় কৰি যোগাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
পৰহি নিশা ন বজাতেই সংশ্লিষ্ট অঞ্চলৰ বৈদ্যুতিক লাইনসমূহৰ অংশ বিশেষে ক্ষতিসাধন হয় যদিও ৪৮ঘন্টা উকলি যোৱাৰ পাছতো বিধ্বস্ত বৈদ্যুতিক লাইনৰ মেৰামতিৰ বাবে কোনো ধৰণৰ পদক্ষেপেই গ্ৰহণ নকৰাত ৰাইজ ক্ষুন্ন হৈ পৰিছে। এতিয়াও অতি বিপজ্জনক ভাৱে ডিমৰুগুৰি অঞ্চলত ছিগি যোৱা বৈদ্যুতিক তাঁৰসমূহ মাটিতে পৰি আছে।একেটা অঞ্চলতে বৈদ্যুতিক লাইনত এজোপা প্ৰকাণ্ড গছ পৰি আছে যদিও গছডাল এতিয়াও কটাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই।
