বিদ্যালয়ৰ পৰা ওলাই অহাৰ পিছতে সন্ধানহীন মহানগৰীৰ ছাউথ পইণ্ট স্কুলৰ ছাত্ৰ অনাধীন…

206

মহানগৰীত এজন ছাত্ৰৰ সন্ধানহীনতাক লৈ তীব্ৰ চাঞ্চল্য।

বুধবাৰে বিদ্যালয়ৰ পৰা অহাৰ পথৰ পৰাই সন্ধানহীন অনাধীন কলিতা দত্ত নামৰ ১৮ বছৰীয়া ছাত্ৰজন।

বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুলৰ বাণিজ্য শাখাৰ ছাত্ৰ অনাধীন।

ইফালে ছাত্ৰজনৰ সন্ধানহীন হোৱাক লৈ বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অনাধীনৰ মাতৃৰ।

বিদ্যালয়লৈ মোবাইল লৈ যোৱাৰ বাবে ছাত্ৰজনক শিক্ষকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।

যাৰ বাবে বুধবাৰে অনুষ্ঠিত পৰীক্ষাৰ উত্তৰ বহীত পিতৃ-মাতৃৰ বাবে এটা নোট লিখি সন্ধানহীন হয় ছাত্ৰজন।

বিদ্যালয়ৰ পৰা ১২.২৪ বজাত ওলাই অহাৰ পিছতে নিৰুদ্দেশ হৈ পৰিছে অনাধীন কলিতা দত্ত।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে পৰিয়ালে।

আৰক্ষীয়ে ছাত্ৰজনৰ সন্ধান বিচাৰি অভিযান চলাইছে যদিও এতিয়ালৈকে শুংসূত্ৰ উলিয়াব পৰা নাই।