বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কংগ্ৰেছৰ

85

শ্বহীদক অপমান কৰি ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হোৱা বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কৰিলে কংগ্ৰেছে। এক বিবৃতিযোগে বাঘবৰ সমষ্টিৰ বিধায়কজনক নিলম্বন কৰাৰ কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছে।

উল্লেখ্য যে, শ্বহীদক ‘ঘাতক’ আখ্যা দিয়া শ্বেৰমান আলীৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়কজনক। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা শ্বেৰমানক পূৰ্বে প্ৰদেশ কংগ্ৰেছে শ্ব’কজ জাৰি কৰিছিল যদিও আজি অৱশেষত দলৰ পৰাই নিলম্বন কৰে।