বিতৰ্কিত বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কংগ্ৰেছৰ

291

বাঘবৰৰ বিতৰ্কিত বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কংগ্ৰেছৰ।বাঘবৰ সমষ্টিৰ বহু বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে যোৱা ১৭ মে’ত বাঘমাৰা চৰত কংগ্ৰেছ দলৰ এজন মণ্ডল সভাপতিক চূড়ান্ত ভাবে অপমান কৰা,বিধায়ক জনৰ দেহৰক্ষীকো অশ্লীল অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰাৰ অন্তত বাঘবৰৰ কংগ্ৰেছ কৰ্মী-সমৰ্থক সকলে ইতিমধ্যে সমষ্টি ব্যাপী আন্দোলন অব্যাহত ৰাখিছে। আজি মন্দিয়া ব্লক কংগ্ৰেছৰ নেতৃত্বই বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোনবৰ চুতীয়াৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।স্মাৰক পত্ৰ খনত বাঘবৰ সমষ্টিৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ অভব্য আচৰণকলৈ সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ লগতে সাধাৰণ ৰাইজ আতংকৰ মাজত কটাবলগীয়া হৈছে বুলি উল্লেখ কৰিছে।স্মাৰক পত্ৰ খনৰ জৰিয়তে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে তদন্ত ক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীক দাবী জনাইছে।উক্ত স্মাৰকপত্ৰৰ প্ৰতিলিপি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান, বৰপেটা জিলা উপায়ুক্ত আৰু বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰিছে। আজিৰ স্মাৰক পত্ৰ প্ৰদানৰ সময়ত কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজিবুল ইছলাম, মন্দিয়া ব্লক কংগ্ৰেছৰ সভাপতি আলী আকবৰ আহমেদ, উপ-সভাপতি ছিদ্দিক আহমেদ, সাধাৰণ সম্পাদক জেহেৰুল ইছলাম, সম্পাদক মোশ্বাহিদুল ইছলাম, সেৱাদলৰ মুখ্য সংগঠক হেদায়েত উল্লাহ আদি উপস্থিত থাকে।