বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন সম্পন্ন

51

গুৱাহাটী: আজি বিটিচিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ কোকৰাঝাৰ আৰু চিৰাঙ জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত কৰাৰ বাবে দুয়োখন জিলাতে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখা যায়৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১০,২৩,৪০৪ জন ভোটাৰে ১১১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে। ১,৪০৭ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭.৩০ৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ পৰ্ব আবেলি ৪.৩০বজাত অন্ত পৰে৷
কোভিড–১৯ৰ সংক্ৰমণৰ মাজতে নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ বাবে ছেনিটাইজাৰ, মাস্ক আদিও প্ৰিজাইডিং বিষয়াসকলক প্ৰদান কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে৷ লগতে ভোটাৰসকলৰ বাবেও ছেনিটাইজাৰ,মাক্স ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে৷

উল্লেখযোগ্য যে কোকৰাঝাৰৰ তিনিটা মহকুমাত ১২ টা পৰিষদীয় সমষ্টি আৰু চিৰাঙৰ দুটা মহকুমাৰ ৭টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ অনুস্থিত হয়৷ প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাৰ ২১টা পৰিষদীয় সমষ্টিত ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ৷