বিজেপি নেতাৰ ঘোষণা- জানুৱাৰীতে কাৰ্যকৰী হব ‘কা’

48

ডিজিটেল ডেস্কঃ আগন্তুক জানুৱাৰীৰ পৰা কাৰ্যকৰী হব নাগৰিকত্ব সংশোধনী আইন। এই কথা সদৰী কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা কৈলাশ বিজয়বৰ্গীই।

বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিৱ জনে এই সম্পৰ্কে অভিযোগ কৰে যে, তৃণমূল কংগ্ৰছৰ চৰকাৰে শৰণাৰ্থীৰ প্ৰতি কোনো সহানুভূতিও অনুভৱ নকৰে।

উত্তৰ পৰগনা জিলাত এক অনুষ্ঠানত অংশ লোৱাৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে আশা কৰে ‘কা’ৰ জৰিয়তে শৰনাৰ্থী সকলক সংস্থাপন দিয়াৰ কাম আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব।