বিজেপি-জেডিইউৰ মিত্ৰতা ভংগ! আজি মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব নীতিশ কুমাৰে

285

ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে নীতিশ কুমাৰে। মঙলবাৰে দলীয় সাংসদ-বিধায়কৰ সৈতে এখন বৈঠকত বহিছিল। তাতেই সিদ্ধান্ত লোৱা হৈছিল যে জে ডি ইউয়ে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব। জানিব পৰা মতে, বৈঠকৰ পূৰ্বে নীতিশে অমিত শ্বাহ আৰু জে পি নাড্দাৰ সৈতে ফোনত কথা পাতিছিল। কিন্তু সেইটোৱেও কাম কৰা নাছিল। নীতিশে কেইবাদিনো ধৰি বিজেপি বিৰোধী মন্তব্য কৰি আহিছিল। বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে জেডিইউয়ে এনডিএৰ মিত্ৰতা ভংগ কৰিব। বিয়লি ৪ বজাত ৰাজ্যপালক সাক্ষাৎ কৰিব নীতিশে।

দলীয় বৈঠকৰ অন্তত জেডিইউৰ সাংসদ আৰু বিধায়ক সকলে অৱগত কৰে যে নীতিশে যি সিদ্ধান্ত নলওক কিয়, দলৰ তেওঁৰ সমৰ্থন আছে। তেতিয়া স্পষ্ট হৈ পৰিল যে এনডিএৰ মিত্ৰতাৰ পৰা নীতিশৰ বাহিৰ হোৱাটো সময়ৰ কথা মাথোঁ। ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ যোৱাৰ পূৰ্বে নীতিশৰ ঘৰৰ সন্মুখত নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।

ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত নীতিশৰ লগত থাকিব আৰজেডি নেতা তেজস্বী যাদৱ। সূত্ৰ অনুসৰি বিহাৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব বিজেপিৰ ১৬ জন মন্ত্ৰীয়ে। গৃহমন্ত্ৰী হিচাপে তেজস্বীয়ে দায়িত্ব ল’ব পাৰে বুলি জনা গৈছে। অৱশ্যে নাম প্ৰকাশ কৰিব নোখোজা বিজেপিৰ এজন মন্ত্ৰীয়ে কয় যে মই কিয় পদত্যাগ কৰিম? প্ৰথমে নীতিশ কুমাৰে কি কৰে চাওঁ, সেই ভিত্তিত সিদ্ধান্ত লোৱা হ’ব।”

দলীয় বিধায়কৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে কংগ্ৰেছে নীতিশক আদৰণি জনায়। বিহাৰৰ পৰা আৰজেডি, কংগ্ৰেছ আৰু বাওঁপন্থী বিধায়কৰ মাজত পৃথক পৃথক বৈঠক অনুষ্ঠিত হয়। একে সময়তে বিহাৰৰ উপমুখ্যমন্ত্ৰী তৰ্কশো প্ৰকাশৰ ঘৰত বিজেপি নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ, আৰজেডি আৰু বাওঁপন্থী বিধায়কে নীতিশক সমৰ্থন কৰা বুলি কোৱা হৈছে।

বিহাৰত বিৰোধী শিবিৰৰ বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছে স্পষ্ট কৰি দিছিল যে নীতিশক সমৰ্থন কৰা হ’ব। কংগ্ৰেছ নেতা অজিত শৰ্মাই কয় যে নীতিশ কুমাৰ আহিলে আমি আদৰি লম। তেওঁক সমৰ্থন কৰা হ’ব। গ্ৰেণ্ড এলায়েন্সৰ বৈঠক চলি আছে। নীতিশক মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰা হ’ব নে নহয় সেয়া বৈঠকৰ পিছতেই সিদ্ধান্ত লোৱা হ’ব।”