বিজেপিৰ হৰ্ছ টেৰ্ডিং, কংগ্ৰেছৰ হোটেল ৰাজনীতি…

81

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে এইবাৰ হোটেল ৰাজনীতিত নামি পৰিছে কংগ্ৰেছ। মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰত থকা দিচাং ৰিজ’ৰ্টত আহি উপস্থিত হৈছে কংগ্ৰেছেৰ প্ৰায় প্ৰতিগৰাকী প্ৰাৰ্থী। বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ আশংকাত বিচনা পত্ৰসহ দিচাং ৰিজ’ৰ্টত উপস্থিত হৈছে ৰমেন বৰঠাকুৰ, মীৰা বৰঠাকুৰ, মনজিৎ মহন্ত, প্ৰদ্যুৎ ভূঞা, ৰূপজ্যোতি কুৰ্মীৰ দৰে কংগ্ৰেছৰ প্ৰাৰ্থী।

জানিব পৰা মতে, কংগ্ৰেছৰ ১১৩ গৰাকী প্ৰাৰ্থীক ৰাখিবৰ বাবে দিচাং ৰিজৰ্টৰ ৭০টা কোঠা বুক কৰা হৈছে। এআইইউডিএফ আৰু বিপিএফৰো ভালেকেইজন প্ৰাৰ্থী দিচাং ৰিজৰ্টতে বাহৰ পতাৰ সম্ভৱনা আছে। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিন পৰ্যন্ত বিৰোধী প্ৰাৰ্থীসকল দিচাং ৰিজৰ্টত বাহৰ পাতিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিজেপিয়ে ঘোঁৰা ক্ৰয়ৰ ৰাজনীতিৰে এইবাৰ চৰকাৰ গঠনৰ বাবে উঠি পৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। কংগ্ৰেছ আৰু এআইইউডিএফৰ কেইবাজনো প্ৰাৰ্থীৰ সৈতে বিজেপিৰ মধ্যস্ততাকাৰীয়ে যোগাযোগ কৰাৰো অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ ৰাজনীতিৰ পৰা বিৰোধী প্ৰাৰ্থীসকল আঁতৰাই ৰখাৰ স্বাৰ্থতে এনেদৰে হোটেলত বাহৰ পতা বুলি মন্তব্য কৰিছে কংগ্ৰেছে।