বিজেপিৰ সৈতে মিত্ৰতা! নতুন দল গঠন কৰি পঞ্জাৱ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কেপ্টেইন অমৰিন্দৰ সিঙে

81

ডিজিটেল ডেস্কঃ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে সৃষ্টি কৰিছে নতুন চমকৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীজনে মঙলবাৰে ঘোষণা কৰে যে শীঘ্ৰে এটা নতুন দলেৰে পঞ্জাৱৰ ৰাজনীতিত তেওঁ আত্মপ্ৰকাশ কৰিব। অতি সোনকালে দলটোৰ নাম ৰাজহুৱা কৰা হব বুলিও ঘোষণা কৰে কেপ্টেইন সিঙে। তেওঁ স্পষ্ট কৰি দিয়ে যে দলটোৱে ২০২২ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘পঞ্জাৱৰ ভৱিষ্যতৰ বাবে যুঁজ অব্যাহত থাকিব। অতি সোনকালেই মই মোৰ নিজৰ ৰাজনৈতিক দল ঘোষণা কৰিবলৈ গৈ আছো। মোৰ দলে পঞ্জাৱৰ লোক আৰু ইয়াৰ কৃষকসকলৰ উন্নতিৰ বাবে যুঁজ দিব। কেৱল এয়াই নহয়, কেপ্টেইন অমৰিন্দৰেও নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাৰ ইংগিত দিছে।

অমৰিন্দৰ সিঙৰ মিডিয়া উপদেষ্টা ৰবীন থুকৰালে বিজেপিৰ সৈতে মিত্ৰতাৰ ইংগিত দি এটা টুইট কৰে। তেওঁ উল্লেখ কৰে, “যদি কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰি কৃষক আন্দোলনৰ সমাধান সম্ভৱ হয়, তেন্তে পৰৱৰ্তী ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে আসনৰ আলোচনা কৰিব পাৰি।” ৰবীন থুকৰালে কেৱল বিজেপিৰ সৈতেই নহয় অকালি দলৰ সৈতেও মিত্ৰতাৰ ইংগিত দিয়ে।

উল্লেখ্য যে, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে দিল্লীত অমিত শ্বাহৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পিছৰে পৰা তেওঁৰ দলত্যাগৰ জল্পনা-কল্পনা চলি আহিছে। অৱশ্যে, তেওঁ নিজেই স্পষ্ট কৰি দিছিল যে তেওঁ কংগ্ৰেছ এৰিলেও বিজেপিত যোগদান নকৰিব। তেওঁ এটা টুইটত লিখিছিল, “আমি গৃহমন্ত্ৰীৰ সৈতে কৃষকসকলৰ সমস্যা আৰু নতুন কৃষি আইনৰ বিষয়ে কথা পাতিছো, দলত্যাগৰ বিষয়ে নহয়।” তেওঁ অজিত ডোভালৰ সৈতে পঞ্জাৱ সীমান্তৰ নিৰাপত্তা সম্পৰ্কেও আলোচনা কৰিছিল।