বিজেপিৰ মিত্ৰজোঁটক কিয় NDA বুলিব নিবিচাৰে সঞ্জয় ৰাউটে

78

ডিজিটেল ডেস্কঃ ‘যি মিত্ৰজোঁটত শিৱসেনা আৰু আকালী দল নাই, সেই মিত্ৰজোঁটক মই এনডিএ বুলি ক’ব নিবিচাৰো।’ -এই মন্তব্য শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ। বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁট সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰ দি সাংবাদিকক সঞ্জয় ৰাউটে কয় যে শিৱসেনা আৰু আকালী দল এনডিএৰ দুটা শক্তিশালী স্তম্ভ আছিল।

তেওঁ কয়, ‘আমি এনডিএৰ পৰা বাহিৰ হ’বলৈ বাধ্য হৈছিলো। এতিয়া আকালী দলেও এনডিএ ত্যাগ কৰিছে। এনডিএয়ে এতিয়া নতুন সংগী লাভ কৰিছে, আমি তেওঁলোকক শুভেচ্ছা জনাইছো। কিন্তু যিটো মিত্ৰজোঁটত শিৱসেনা আৰু আকালী দল নাই, তাক মই এনডিএ বুলি ক’ব নিবিচাৰো।’ উল্লেখ্য যে, মহাৰাষ্ট্ৰ নিৰ্বাচনৰ সময়ত শিৱসেনাই এনডিএ ত্যাগ কৰি কংগ্ৰেছ আৰু এনচিপি সহযোগত চৰকাৰ গঠন কৰিছিল। আনহাতে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষক বিৰোধী কৃষি বিধেয়কৰ বিৰোধিতা কৰি আকালী দলেও এনডিএৰ পৰা নিজকে পৃথক কৰিছিল।