ষ্টাফ ৰিপোৰ্টাৰ: কৰ’না মহামাৰীৰ বাবে সমগ্ৰ দেশৰ লগতে অব্যাহত আছে লকডাউন ৷ ইয়াৰ মিজতো গুৱাহাটী পৌৰনিগমৰ চাফাই কৰ্মী সকলে নিজৰ জীবনৰ কথা নাভাবি মহানগৰীখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত অহৰহে নিজৰ দায়িত্ব পালন কৰিছে ৷ ইয়াৰ সমান্তৰালভাৱে গণতন্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক সকলে প্ৰতিটো বাতৰি যোগান ধৰাৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰিছে ৷ সেই বাবে বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়া নেতৃত্বত যোৱা এটি দলে শনিবাৰে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে। পৌৰ নিগম আয়ুক্ত দেৱ্জ্যেতি হাজৰিকাৰ হাতত পাচ শতাধিক মাস্ক আৰু ছেনিটাইজাৰ অৰ্পন কৰা হয় ।
আয়ুক হাজৰিকাই ইয়াৰ বাবে বিজেপি মহানগৰ জিলাক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তেওঁ কয় এই সময়ত চাফাই কৰ্মীৰ বাবে মাস্ক অতিকৈ প্ৰয়োজন ৷ ছয় টা মণ্ডলৰ চাফাই কৰ্মী সকলৰ মাজত এই মাস্ক আৰু ছেনিটাইজাৰ সমুহ বিতৰন কৰা হব বুলি তেওঁ উল্লেখ কৰে ৷ ইয়াৰ পিছত সভাপতি মৃগেন শৰনীয়াই গুৱাহাটী প্ৰেছক্লৱৰ সম্পাদক
সঞ্জয় ৰায়ৰ হাতত সাংবাদিক সকলৰ বাবে দুই শতাধিক ছেনিটাইজাৰ আৰু মাস্ক অৰ্পন কৰে ৷ উল্লেখ্য অনুষ্ঠানত জিলাৰ সাধৰন সম্পাদক ক্ৰমে নবৰুন মেধি’ অমৰ ডেকা ’ সমাজ কৰ্মী ৰাজীব দাস’ ৰমেশ গুপ্ত’ যুৱ মৰ্চাৰ সভাপতি মানস প্ৰতিম দাস ’ বিজয় ৰাজবংশীৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷ আনহাতে সমাজ কৰ্মী ৰাজীৱ দাস ’ ৰমেশ গুপ্তাৰ উদ্যোগটো শনিবাৰে আৰক্ষী সকলক উৎসাহ যোগোৱাৰ বাবে দুই সমাজ কৰ্মী ৰাজীব দাস আৰু ৰমেশ গুপ্তাই মহানগৰীৰ জালুকবাৰী পৰা গনেশগুৰিলৈ পথত কৰ্মৰত থকা আৰক্ষী সকলৰ মাজত চাহ’ বিষ্কুট জুচ’ পানীবটল বিতৰন কৰে ৷ইয়াৰ উপৰিও পথত থকা শ্ৰমজীৱী মানুহৰ মাজত চাউল’ দাইল’ আলু’ নিমখৰ লগতে অন্যান্য সামগ্ৰী বিতৰন কৰে ৷
মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ উপদেষ্টা দেৱাশিষ সেনগুপ্তা, সাধাৰণ সম্পাদক ৰাজীৱ দাস আদি এই কাৰ্যসূচীত উপস্থিত থাকে।