বিজেপিক ডাষ্টবিন কৰি তুলিছে অগপইঃ পবীন্দ্ৰ ডেকা

42

অসম গণ পৰিষদ ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগ দিয়া পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাৰ বিধায়ক পদ খাৰিজৰ দাবী উত্থাপন কৰিছিল অগপ নেতৃত্বই। তাৰ পিছতে বিধায়ক পদৰ পৰা পদত্যাগ কৰে পবীন্দ্ৰ ডেকাই।

অসম গণ পৰিষদক ক্ষুৰধাৰ সমালোচনা কৰি পবীন্দ্ৰ ডেকাই কয়, ‘অগপই বিজেপিৰ লগত মৰ্চা কৰি অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে৷ ‘কা’ বিৰোধ কৰাৰ পৰা বিৰত থাকি জাতীয়তাবাদী চৰিত্ৰ হেৰুৱাইছে অগপই৷ অগপ দলটো জাহ গৈছে বিজেপিত৷ বিজেপিক ডাষ্টবিন কৰি তুলিছে অগপই৷’ নৈতিকতা স্বীকাৰ কৰিয়েই অগপ আৰু বিধায়ক পদৰ পৰা পদত্যাগ কৰা বুলি মন্তব্য কৰে পবীন্দ্ৰ ডেকাই।

অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদ মূল্য লক্ষ্যৰ পৰা বিচলিত হৈছে বুলি মন্তব্য কৰি পবীন্দ্ৰ ডেকাই কয় যে বিজেপিয়ে অসমত হিটলাৰী ৰাজ চলাব বিচাৰে। ২০২১ত অসমত ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ মাজত যুঁজ হ’ব বুলি মন্তব্য কৰে পবীন্দ্ৰ ডেকাই।