বিজনীৰ ২ নং ধলাদাণ্ডাত হাতীৰ আক্ৰমণত আহত এজন যুৱক ।
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত দেওবাৰ সন্ধিয়াত ২ নং ধলাদাণ্ডা গাওঁত বনৰীয়া হাতীয়ে তাণ্ডব চলায় ।২ নং ধলাদাণ্ডা গাঁওখনৰ টেংকু দাস নামৰ লোকজন বনৰীয়া হাতীৰ আক্ৰমণত আহত হয় ।
নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে বাটত হাতীৰ আক্ৰমণত যুৱক জন আহত হয় । বৰ্তমান যুৱক জনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।
সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ সভাপতি প্ৰভাত আৰ্য্য আহত লোকজনৰ গৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয় ।
