বিজনীৰ ২ নং দক্ষিণ মাক্ৰাত ঝাণ্ডি-মূণ্ডা জুৱাৰ ঘাটি উৎখাত

448

বিজনীৰ ২ নং দক্ষিণ মাক্ৰাত ঝাণ্ডি-মূণ্ডা জুৱাৰ ঘাটি উৎখাত। দুজনক গ্ৰেপ্তাৰ কৰে।উল্লেখযোগ্য যে চিৰাং জিলাৰ বল্লমগুৰী আৰক্ষী চকীৰ অন্তৰ্গত ২নং দক্ষিন মাক্ৰাত আৰক্ষীৰ অভিযানত উৎখাত হয় ঝাণ্ডি-মূণ্ডা জুৱাৰ ঘাটি । বল্লমগুৰী আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন খবৰৰ পমখেদি উৎখাত কৰিবলৈ সক্ষম হয় এই জুৱাৰ ঘাটি । জুৱা খেলৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বল্লমগুৰী আৰক্ষী চকীৰ আৰক্ষীয়ে । জুৱাৰী দুজনৰ নাম নবিবৰ ৰহমান(৫৪) আৰু আব্দুল আদিম(৩৭) । ইয়াৰে নবিবৰ ৰহমানৰ ঘৰ ২ নং দক্ষিন মাত্ৰা আৰু আব্দুল আলিমৰ ঘৰ ৪নং দক্ষিন মাক্ৰা বুলি জানিব পৰা গৈছে । জুৱাৰীৰ পৰা এটা ডাব্বু আৰু ডাব্বুৰ গুটিৰ, এটা মোবাইল, ২৯০০ টকাৰ লগতে খেলত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। পাছলৈ জুৱাৰী দুজনক বিজনী থানাত আনি চমজাই দিয়ে আৰক্ষীয়ে । পাছলৈ বিজনী থানাৰ আৰক্ষীয়ে ১৭০/২২ নম্বৰ কেচ গোচৰ ৰজু কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে ।