চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত মাজৰাবাৰিৰ দুলানী নৈত ৯ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হয়। শিশুটিৰ নাম মুজাহাৰুল ইচলাম বুলি জানিব পৰা গৈছে । জানিব পৰা মতে যোৱা ২২ তাৰিখ বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিলে এই ৯ বছৰীয়া শিশুটি। অৱশেষত আজি ৰাতিপুৱা উক্ত অঞ্চলৰ লোকে পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে । পাছলৈ বিজনী আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে । ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে। মুজাহাৰুল মাজৰাবাৰী এলপি স্কুলত তৃতীয় শ্ৰেণীত অধ্যয়নৰত আছিলে ।এই ৯ বছৰীয়া কোমল শিশুটিক কোন দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । এয়া হত্যা নে আন কিবা স্থানীয় লোকে এই সন্দৰ্ভত আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় । যদি এয়া হত্যা হয় তেতিয়া হলে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ এবিআমছুৰ আহ্বান।