বিজনীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আম আদমি পাৰ্টিৰ অৱস্থান ধৰ্মঘট।বিজনী বৈদ্যুতিক উপ সংমণ্ডল কাৰ্য্যালয়ৰ সন্মুখত আজি আম আদমি পাৰ্টিৰ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী পালন কৰে ৷
আম আদমী পাৰ্টিৰ কৰ্মকৰ্তা সকলে হাতে হাতে প্লে কাৰ্ড লৈ বিদ্যুৎ বিভাগ হায় হায় আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বিদ্যুৎ মাচুল হ্ৰাস কৰা, ইতিমধ্যে সংগ্ৰহ কৰা অত্যধিক মাচুল ঘূৰাই দিয়া, কোটি কোটি টকা বিদ্যুৎ মাচুলৰ তদন্ত কৰা, APDCL এ সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰা দুৰ্নীতিৰ তদন্ত কৰা আৰু ২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰাৰ দাবীৰে উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শক্তি মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
