বিজনীত চিৰাং জিলাৰ তৃণমূল কংগ্ৰেছৰ মূল্য বৃদ্ধি পৌৰকৰ বৃদ্ধিক লৈ তিনি ঘন্টায়া ধৰ্ণা কাৰ্যসূচী ।

164

এফালে আকাশলংঘী মূল্য বৃদ্ধি আন ফালে পৌৰকৰ বৃদ্ধিক লৈ অতিষ্ঠ সাধাৰণ জনতা । সেয়ে আজি চিৰাং জিলাৰ তৃণমূল কংগ্ৰেছৰ উদ্যোগত বিজনী মহকুমা ধিপতিৰ কাৰ্যালয়ত সন্মুখত তৃণমূল কংগ্ৰেছৰ মূল্য বৃদ্ধি আৰু পৌৰকৰ বৃদ্ধিক লৈ তিনি ঘন্টায়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । তৃণমূল কংগ্ৰেছে আজি আকাশ লংঘী মূল্য বৃদ্ধিক লৈ ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।উক্ত তিনি ঘন্টীয়া ধৰ্ণাত বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক ‌, পৌৰকৰ হ্ৰাস কৰক আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল কৰি তোলে বিজনী মহকুমাৰ সন্মুখ ।